পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধী উভয়পক্ষৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপই বুজাবুজিৰে নিৰ্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত পৰিষদসমূহত আসন বুজাবুজিৰ বাবে আজি বিজেপি আৰু অগপৰ নেতাসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, যে বৰপেটা বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ ভিতৰত পাকা আৰু বহৰীত বিজেপিয়ে আৰু সুন্দৰীদিয়া আৰু সৰুক্ষেত্ৰী সমষ্টিত অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে ভৱানীপুৰ আৰু সৰুপেটা জিলা পৰিষদত অগপই আৰু বৰনগৰ আৰু হাউলী জিলা পৰিষদত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব। বজালী জিলাৰ দক্ষিণ আৰু পশ্চিম বজালীত অসম গণ পৰিষদে প্রতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি শ্রীদাসে বিজেপিয়ে উত্তৰ আৰু মধ্য বজালীত প্রতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিয়ে।
সমাগত পঞ্চায়ত নিৰ্বাচনত ৰঙিয়া বিধানসভা সমষ্টিত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি বুজাবুজিৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ৰঙিয়া সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতাই প্রকাশ কৰিছে। বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ২৫ খন পঞ্চায়ত আৰু ৪ খন জিলা পৰিষদত বিজেপিৰ সৈতে মিত্ৰদলসমূহে বুজাবুজিৰ মাজেৰে আসনৰ ভাগ-বটোৱাৰা কৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিছে।
অহা ২ আৰু ৭ মে’ত হ’বলগীয়া নিৰ্বাচনৰ বাবে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জনসাধাৰণক ই-মেইল, হোৱাটছএপ অথবা লিখিতভাৱে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ পোনপটীয়াকৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।
জনসাধাৰণে panchayatsankalpatra@gmail.com অথবা ৯১০১৬ ৬৪৫৯৩ নম্বৰত হোৱাটছএপ যোগে তেওঁলোকৰ পৰামৰ্শসমূহ অহা ১০ এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব।
ইপিনে পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি শোণিতপুৰ জিলাৰ তেজপুৰ, ৰঙাপাৰা আৰু বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। সেই অনুসৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত প’ষ্টেল বেলট পেপাৰ, ই ডি চি কোষ আৰু ড্ৰপ বক্স সুবিধা কেন্দ্ৰ স্থাপন কৰা হৈছে।
ডিব্ৰুগড় জিলাতো পঞ্চায়ত নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আজি নন্দলাল বৰগোহাঁই চিটা মহাবিদ্যালয়ত জ’নেল আৰু ছেক্টৰ বিষয়াসকলৰ খণ্ড আৰু পথ পৰিকল্পনা, নির্বাচন প্রক্রিয়া তথা বেলট বাকচৰ সন্দৰ্ভত এটা প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনত অহা ২ মে’ত ২২ খন জিলা পৰিষদ, ৭ খন আঞ্চলিক পঞ্চায়ত আৰু ৯৩ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯৩০টা ৱাৰ্ডৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।