ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্ৰাৰ্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্রত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে এন ডি এ ৩৭ খন জিলা পৰিষদৰ সমষ্টি আৰু ৩১১টা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ৩৭ খন জিলা পৰিষদৰ ভিতৰত ৩৫ খনত বিজেপিয়ে আৰু দুখনত অসম গণ পৰিষদে জয়লাভ কৰে। আনহাতে, ৰাজ্যৰ মুঠ দুহেজাৰ ১৯২টা আঞ্চলিক পৰিষদৰ সমষ্টিৰ ২৫৯টা বিজেপিয়ে, ২৯টা অসম গণ পৰিষদে আৰু ১৩টা ৰাভা যৌথ মঞ্চই দখল কৰিছে।

ৰাজ্যৰ বিভিন্ন জিলা প্রশাসনে পঞ্চায়ত নিৰ্বাচনৰ বাবে নির্বাচনী কাম-কাজত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্রশিক্ষণকে ধৰি সকলো প্ৰস্তুতি চলাই আছে। যোৰহাট নির্বাচনী জিলাৰ মহিলা প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ আজি আৰম্ভ হৈছে। প্ৰশিক্ষণ কার্যসূচীত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। শোণিতপুৰ জিলাতো আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি এহেজাৰ ২৪০ গৰাকীকৈ দ্বিতীয় আৰু তৃতীয় প’লিং বিষয়াৰ ব্যৱহাৰিক প্ৰশিক্ষণ সম্পন্ন হয়।

কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা কৰ্তৃপক্ষই এই নির্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা লৈছে। আজি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত এখন বৈঠকত নিৰ্বাচনৰ সাধাৰণ পর্যৱেক্ষকে বিভিন্ন দলৰ প্ৰাৰ্থীসকলক নির্বাচনী আচৰণ বিধি মানি চলিবলৈ আহ্বান জনায়।

নগাঁও নির্বাচনী জিলাত ভোটগ্রহণত নিয়োজিত বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আজি জিলাখনৰ ৫টা স্থানত অনুষ্ঠিত হয়। পৰহিলৈ পৰ্যন্ত হ’বলগীয়া এই প্রশিক্ষণত দুহেজাৰ ৬৫ গৰাকী প্রিজাইডিং বিষয়াসকলকে ধৰি ভালেসংখ্যক বিষয়াক প্ৰশিক্ষণ দিয়া হ’ব।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত দুদিনীয়া কাৰ্যসূচীৰে এহেজাৰ ৮৫১ গৰাকী প্রিজাইডিং আৰু পলিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। অহা ৭ মে’ত দ্বিতীয় পর্যায়ত জিলাখনত নিৰ্বাচন অনুষ্ঠিত হ’ব। জিলাখনৰ ৩৫ খন গাঁও পঞ্চায়তত ৪০৬টা ভোটগ্রহণ কেন্দ্ৰত এই ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা আগতীয়াকৈ লোৱা হৈছে। সম্পূর্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ২৫টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে শতাধিক মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ অতিৰিক্ত আয়ুক্ত বিপণজ্যোতি নাথ উপস্থিত থাকে।

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযানো চলাই আছে। ধেমাজি জিলাত প্ৰথম পৰ্যায়ত ২ মে’ত হ’বলগীয়া নিৰ্বাচনৰ বাবে শাসকীয় মিত্রজোঁটে ব্যাপক প্ৰচাৰ চলাইছে। মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ ৪ খন পঞ্চায়তত প্ৰচাৰ চলায়। এই প্ৰচাৰ সভাত মন্ত্রী পীযূষ হাজৰিকাও উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক