ডাউনলোড
মোবাইল এপ

android apple
signal

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত আৰু নতুনকৈ সীমা নিৰ্ধাৰণ কৰা দীপৰ বিল, ৰাণী চাপৰি, বৰখাট, ডিমৰীয়া, সোণাপুৰ আৰু প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদৰ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ৰাজ্যিক নির্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি অহা বছৰৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে গ্ৰহণ কৰি এই তালিকা প্ৰকাশ কৰা হৈছে। তালিকাক লৈ ওজৰ- আপত্তি ১৪ৰ পৰা ২১ ডিচেম্বৰলৈ দাখিল কৰিব পৰা হ’ব। এই আপত্তিসমূহ নিষ্পত্তিৰ তাৰিখ ২২ৰ পৰা ২৬ ডিচেম্বৰলৈ ধাৰ্য কৰা হৈছে। ২৮ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

বঙাইগাঁও জিলাতো কালি পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত জিলা আযুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদ মেল সম্বোধন কৰি জিলা আয়ুক্ত নৱদ্বীপ পাঠকে জিলাখনত মুঠ ৬৫০টা গাঁও পঞ্চায়ত ৱাৰ্ড, ৬৫খন গাঁও পঞ্চায়ত, ৫খন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ৫টা সমষ্টি আছে বুলি জানিবলৈ দিয়ে। জনসাধাৰণৰ সুবিধার্থে কালি প্ৰকাশিত খচৰা ভোটাৰ তালিকা আজি আৰু কাইলৈ জিলা আয়ুক্ত কাৰ্যালয়, জিলা পৰিষদ কার্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় তথা গাঁও পঞ্চায়ত কাৰ্যালয়সমূহত আঁৰি দিয়া হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

চৰাইদেউ জিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তসমূহৰ ফটোবিহীন খচৰা ভোটাৰ তালিকাও কালি প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত জিলা আয়ুক্ত ড° নেহা যাদৱৰ অধ্যক্ষতাত লাকুৱা, সাপেখাটী, সোণাৰি আৰু মাহমৰা আঞ্চলিক পঞ্চায়তৰ সচিবসকলৰ লগতে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিসকলৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। জনসাধাৰণে ৰাজ্যিক নির্বাচন আয়োগৰ ৱেবছাইট ermssec.assam.gov.inত নিজৰ ভোটাৰ কাৰ্ডৰ এপিক নম্বৰৰ জৰিয়তে তেওঁলোকৰ নামসমূহ পৰীক্ষা কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক