আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰাকত নিৰ্বাচনী প্ৰচাৰ। কাছাৰ জিলাৰ উধাৰবন্দৰ হাতীচৰা চাহ বাগিচাতো মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি ডিব্ৰুগড়ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কালি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰী সোণোৱালে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত নির্বাচনত সঠিক সিদ্ধান্ত ল’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লগতে জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন বিশেষ সাংগঠনিক সভাত মিলিত হয়। শ্ৰী সোণোৱালে কালি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত আন এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি মিত্ৰজোঁটৰ দ্বৈত ইঞ্জিন চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহে সকলো স্তৰৰ জনসাধাৰণৰ উপকৃত কৰি গ্ৰামাঞ্চলত নতুন দিগন্তৰ সূচনা কৰিছে। আৰু আত্মনিৰ্ভৰশীলতাৰ পথ প্রশস্ত কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ ডিব্ৰুগড়ৰ গজপুৰিয়াতো নির্বাচনী সভাত ভাগ লয় ।
ইপিনে, পঞ্চায়ত নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে প্রস্তুতি অব্যাহত ৰাখিছে।
হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে নিয়মীয়াকৈ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰ্বাচনৰ বাবে যাৱতীয় ব্যৱস্থা নিশ্চিত কৰিছে। জিলাখনত স্থাপন কৰা ৭৭৪টা ভোট কেন্দ্ৰৰ ভিতৰত ১০টা মডেল ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ’ব বুলি জিলাখনৰ জনসংযোগ বিষয়াই প্ৰকাশ কৰিছে।