পঞ্চায়ত নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্ত পৰাৰ পাছত আজি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ হৈছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ২৪টা জিলা পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ১৩৯টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ২৫ গৰাকী প্ৰাৰ্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ ২৪টা জিলা পৰিষদ সমষ্টিত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰে ৮ নম্বৰ বেকেলী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী দেৱজ্যোতি ৰাভা, এক নম্বৰ পঞ্চতীর্থ হাজো জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰীতা তালুকদাৰ আৰু ২৪ নম্বৰ শৰাইঘাট কেতেকীবাৰী জিলা পৰিষদৰ বিজেপি প্রার্থী বিৰাজ কুমাৰ নাথে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ ১৩৯টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে ৩১৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। কোনো প্ৰাৰ্থীয়ে প্রার্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে ১৭ এপ্ৰিলৰ বিয়লিৰ ৩ বজাৰ ভিতৰত আবেদন কৰিব লাগিব। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। অহা ২ মে’ত প্ৰথম পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া ধেমাজি জিলাত ১২টা জিলা পৰিষদ সমষ্টিৰ বাবে ৩৯ জন প্রার্থীয়ে আৰু ৫ খন আঞ্চলিক পঞ্চায়ত সমষ্টিৰ বাবে ১৩৯ জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। জিলাখনৰ ৬৫ খন গাঁও পঞ্চায়তৰ ৬৫০টা ৱাৰ্ড সদস্যৰ বাবে এহেজাৰ ৭৭০ জনে মনোনয়ন পত্র দাখিল কৰিছে। মাজুলী জিলাতো আজি পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ হৈছে। বজালী জিলাত চাৰিখনকৈ আঞ্চলিক পঞ্চায়ত বিজেপি-অগপ মিত্ৰদলৰ প্ৰাৰ্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ৰ দিয়ে অগ্ৰসৰ হৈছে। ইপিনে বজালী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থী নজৰুল ইছলামে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল।
Site Admin | April 12, 2025 9:11 PM | panchayat election nomination scrutiny
পঞ্চায়ত নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ আজি পৰীক্ষণ, প্রার্থিত্ব প্ৰত্যাহাৰ অন্তিম দিন ১৭ এপ্ৰিল
