ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ৰাজ্যত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। কালি গোলাঘাটৰ বৰজান চাহবাগিচা খেলপথাৰত কংগ্ৰেছৰ হৈ দলীয় সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ পহলগামৰ ঘটনাক গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ল’বলগীয়া সকলো পদক্ষেপতে কংগ্ৰেছ দলে সমর্থন আগবঢ়াব বুলি প্ৰকাশ কৰে। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ লগতে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ধনবল, বাহুবল প্রয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে।

পঞ্চায়ত নির্বাচন উপলক্ষে তিনিচুকীয়া জিলাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিৰ লগতে মিত্ৰদল অসম গণ পৰিষদে প্ৰচাৰ অভিযান পূর্ণগতিত চলাই আছে। বিজেপিৰ জিলা সভাপতি কুশকান্ত বৰাই জিলাখনৰ বিভিন্ন ঠাইত প্ৰচাৰ চলাই জনসাধাৰণৰ মন আকৰ্ষণৰ প্ৰয়াস অব্যাহত ৰাখে। কংগ্ৰেছ দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। দলৰ নেতা গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈকে আদিকে ধৰি বিভিন্ন নেতা সদস্যই নির্বাচনী প্ৰচাৰ চলাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। জিলাখনত এইবাৰ ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে নির্দলীয় প্রার্থীসকলেও নির্বাচনী প্ৰচাৰ অভিযানত অংশগ্রহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক