অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে প্রথমখন প্রার্থীৰ তালিকা চূড়ান্ত কৰিছে। বিজেপিয়ে অগপ, ৰাভা-হাছং যৌথ সংগ্রাম সমিতি আৰু গণ শক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্বাচনত ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত ৩১৮ খন আসনত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব। গুৱাহাটী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস আৰু দিপ্লুৰঞ্জন শৰ্মাই এইকথা প্রকাশ কৰে। মিত্রদল গণ শক্তি আৰু ৰাভা-হাছং যৌথ সংগ্রাম সমিতিয়ে এই নির্বাচনত বিজেপিৰ প্ৰতীকত নির্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ হেতু তেওঁলোকৰ সংখ্যাও বিজেপিৰ প্ৰাৰ্থীৰ তালিকাৰ ভিতৰতে সন্নিৱিষ্ট হৈ আছে। বিজেপিৰ সাংগঠনিক জিলা অনুসৰি দলটোৱে জিলা পৰিষদত বজালীৰ ৩ খন, বৰপেটাৰ ৯ খন, বিলাসীপাৰাৰ ৪ খন, বিশ্বনাথৰ ১২ খন, বঙাইগাঁৱৰ ৬ খন, কাছাৰত ২৩ খন, চৰাইদেউৰ ৮ খন, দৰঙৰ ৮ খন, ধেমাজিৰ ১০ খন, ঢকুৱাখনাৰ ৪ খন, ধুবুৰীৰ ৯ খন, ডিব্ৰুগড়ৰ ১৯ খন, গোৱালপাৰাৰ ৯ খন, গোলাঘাটৰ ১৭ খন, গুৱাহাটী ৫ খন, হাইলাকান্দিৰ ৫ খন, হোজাইৰ ৯ খন, যোৰহাটৰ ১৫ খন, কলিয়াবৰৰ ৫ খন, লখিমপুৰৰ ১৩ খন, মাজুলীৰ ৪ খন, মৰিগাঁৱৰ ১০ খন, নগাঁৱৰ ১৪ খন, নলবাৰীৰ ১২ খন, উত্তৰ কামৰূপৰ ১২ খন, শ্রীভূমিৰ ১২ খন, শিৱসাগৰৰ ১১ খন, শোণিতপুৰৰ ১৮ খন, দক্ষিণ কামৰূপৰ ৫ খন আৰু তিনিচুকীয়াৰ ২১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। গণ শক্তিয়ে জোনাইৰ ৪ খন, মাজুলী আৰু ঢকুৱাখনাত এখনকৈ আসনত প্রতিদ্বন্দ্বিতা কৰিব। একেদৰে ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিয়ে গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত প্রতিদ্বন্দ্বিতা কৰিব। এইপর্যন্ত মিত্রদল অগপক জিলা পৰিষদৰ ৭৩ খন আসন এৰি দিয়া হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰা হয়। ছখন আসনক লৈ প্রার্থী তালিকা এতিয়াও চূড়ান্ত হোৱা নাই ৷ ইপিনে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে আভ্যন্তৰীণ সংঘাতৰ বাবে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই ৷
Site Admin | April 10, 2025 12:00 PM | panchayat election bjp candidates
পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ প্রথমখন প্রার্থীৰ তালিকা প্ৰকাশ
