ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। কাইলৈ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সামৰণি পৰিব। জিলা প্রশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। কামৰূপ নির্বাচনী জিলাই ৩৮ গৰাকী আৰু ৰঙিয়া সমজিলাই ৪ গৰাকী প্রিজাইডিং বিষয়া নিয়োগ কৰিছে। জিলা পৰিষদৰ সদস্যৰ মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ বাবে ইতিমধ্যে অতিৰিক্ত আয়ুক্ত, সমজিলা আয়ুক্ত, আঞ্চলিক পঞ্চায়তৰ বাবে সহকাৰী জিলা আয়ুক্ত আৰু পঞ্চায়ত সমষ্টিৰ ৱাৰ্ড সদস্যৰ বাবে উন্নয়ন খণ্ড বিষয়াসকলক নিয়োগ কৰা হৈছে। প্ৰাৰ্থীসকলে নির্বাচনী বিষয়াৰ কাৰ্যালয়তে সংশ্লিষ্ট মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব ৷
ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নির্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। ডিব্ৰুগড় জিলাত বিজেপিৰ বৰবৰুৱা, লৰুৱা আৰু খোৱাং মণ্ডলৰ উদ্যোগত কালি নাওজান ৰাজহুৱা প্ৰেক্ষাগৃহত সক্ৰিয় সদস্যসকলৰ এখন সন্মিলন অনুষ্ঠিত হয়। সভাত সমাগত পঞ্চায়ত নিৰ্বাচনত দলীয় কর্মকৰ্তাসকলে ল’বলগীয়া দায়িত্বৰ উপৰি নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰে।
যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি নিৰ্বাচনী বিষয়াৰ অধ্যক্ষতাত সমাগত পঞ্চায়ত নিৰ্বাচনৰ সৈতে সংগতি ৰাখি মূল প্রশিক্ষক সকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্তগৰাকীয়ে নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে মূল প্রশিক্ষক সকলক দিয়া দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়।
গোলাঘাট বিধানসভা সমষ্টিত বিজেপি নেত্রী তথা বিত্তমন্ত্রী অজন্তা নেওগে কালি দলীয় প্রার্থীসকলৰ মনোনয়ন পত্র পর্যৱেক্ষণ কৰে।