ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ নির্বাচনী তৎপৰতা বৃদ্ধি

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধী উভয়পক্ষই নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। অহা ২ আৰু ৭ মে’ত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ কাষ চপাৰ বাবে পৰিকল্পনা যুগুত কৰিছে। বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই জনসাধাৰণক ই-মেইল, হোৱাটছএপ অথবা লিখিতভাৱে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ পোনপটীয়াকৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। জনসাধাৰণে panchayatsankalpatra@gmail.com অথবা ৯১০১৬-৬৪৫৯৩ নম্বৰত হোৱাটছএপ যোগে তেওঁলোকৰ পৰামৰ্শসমূহ অহা ১০ এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব। ইপিনে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপই বুজাবুজিৰে নিৰ্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। গোলাঘাট জিলা বিজেপি কার্যালয়ত কালি অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ বিধায়কসকলক নিজ নিজ অঞ্চলত মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দায়িত্ব দিয়া হয়। আসন বুজাবুজিৰ বিধায়কসকলে প্রার্থী তালিকা প্ৰস্তুত কৰিব পাৰিব। এই বৈঠকত মন্ত্ৰী অজন্তা নেওগ, বিমল বৰা, অতুল বৰা, বিধায়ক বিশ্বজিৎ ফুকন, ভৱেন্দ্ৰনাথ ভৰালী, বিজেপি আৰু অগপৰ জিলা সভাপতি উপস্থিত থাকে। সমাগত পঞ্চায়ত নিৰ্বাচনত ৰঙিয়া বিধানসভা সমষ্টিত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি বুজাবুজিৰে প্রতিদ্বন্দ্বিতা কৰিব বুলি ৰঙিয়া সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতাই প্রকাশ কৰিছে। কালি এখন সংবাদমেলত বিধায়কগৰাকীয়ে কয়, যে বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ২৫ খন পঞ্চায়ত আৰু ৪ খন জিলা পৰিষদত বিজেপিৰ সৈতে মিত্ৰদলসমূহে বুজাবুজিৰ মাজেৰে আসনৰ ভাগ-বাটোৱাৰা কৰিব।  

অধিক পঢ়ক

সকলো চাওক