অসমত চলিত বৰ্ষত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ এলেকা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা হয়। এই অনুসৰি আজিৰে পৰা অহা ২০ ছেপ্তেম্বৰলৈকে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যক্তিগত তথা ৰাজহুৱা দল সংগঠনৰ খচৰা সম্পৰ্কীয় আবেদন গ্ৰহণ কৰা হ’ব। কাইলৈ ৰাজনৈতিক দলসমূহৰ সৈতে খচৰা তালিকা সম্পর্কে আলোচনা কৰা হ’ব। ২২ ছেপ্তেম্বৰৰ পৰা ২৫ ছেপ্তেম্বৰলৈ খচৰা তালিকা সম্পৰ্কে ওজৰ-আপত্তি আৰু পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে ২৭ ছেপ্তেম্বৰত পঞ্চায়তৰ সীমা নির্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব। উল্লেখযোগ্য যে সীমা নির্ধাৰণৰ খচৰাৰ প্ৰতিলিপি পঞ্চায়ত কার্যালয়, ব্লক কাৰ্যালয় আৰু চক্রবিষয়াৰ কাৰ্যালয়ত সংশ্লিষ্ট সকলোৱে পঢ়িব পৰাকৈ উপলভ্য কৰা হ’ব বুলি জানিব পৰা গৈছে।
বৰপেটা জিলা পৰিষদৰ কাৰ্যালয়ত মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ পাঠকে জিলাখনৰ পঞ্চায়তৰ পাঁচটা পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰে। এই অনুসৰি জিলাখনৰ বৰপেটা, মন্দিয়া, চেঙা, সৰভোগ, ভৱানীপুৰ আৰু পাকা বেতবাৰী বিধানসভা সমষ্টি সামৰি নতুন সীমা নির্ধাৰণ কৰা হৈছে যদিও আঞ্চলিক পঞ্চায়তৰ সংখ্যা পূৰ্বৰ দৰে ৯ খনতে সীমাবদ্ধ আছে। একেদৰে জিলা পৰিষদ ১৯ খন আৰু গাঁও পৰিষদৰ ১০২ খন।
সমষ্টিৰ সীমা নির্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মৰ্মে প্ৰস্তুত কৰা খচৰা অনুসৰি শোণিতপুৰ জিলাৰ উন্নয়নখণ্ডৰ সংখ্যা পূৰ্বৰ ৭খনৰ ঠাইত ৮খন, গাঁও পঞ্চায়তৰ সংখ্যা ৮২ খনৰ ঠাইত ৮৮ খন হৈছে। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিৰ্দেশনাৰ লগত সংযোগ ঘটাই খচৰা প্ৰকাশৰ পাছৰ কামখিনি চলাই নিবৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে।
চৰাইদেউ জিলাতো গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা হয়। প্রয়োজনীয় সাল-সলনিৰ পাছত পূৰ্বৰ দৰেই জিলাখনৰ জিলা পৰিষদ সমষ্টিৰ সংখ্যা ৭ খন, গাঁও পঞ্চায়ত সংখ্যা ৩৬ খন, ৱাৰ্ডৰ সংখ্যা ৩৬০ আৰু লোকপিয়ল গাঁৱৰ সংখ্যা ৩২৭ খন হৈছে।
বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ অধীনৰ গাঁও পঞ্চায়তসমূহৰ সীমা নির্ধাৰণৰ খচৰা তালিকা সম্পর্কে কালি বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে। বঙাইগাঁও জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে ১২ টা জিলা পৰিষদৰ সমষ্টি, ৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৬৫ খন গাঁও পঞ্চায়ত সামৰি পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি উল্লেখ কৰে।