ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ দুখন গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ

ৰাজ্যৰ দুখন গাঁও পঞ্চায়তে অলপতে ঘোষণা কৰা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিছে। দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ ৯টা মূল বিষয়বস্তুৰে সমৃদ্ধ শিশু অনুকূল পঞ্চায়ত শিতানত মাজুলী জিলাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই পঞ্চায়তে প্রথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনৰ শ্ৰেষ্ঠ গাঁও পঞ্চায়ত শিতানত নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বেবেজীয়া ডিমৌ বাংথাই গাঁও পঞ্চায়তে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। অহা ১১ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ’বলগীয়া এটা অনুষ্ঠানত কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে এই বঁটাসমূহ প্ৰদান কৰিব। অনুষ্ঠানত ৰাজ্যৰ পঞ্চায়ত বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে বঁটা লাভ কৰা দুয়োখন পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত থাকিব। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। এই বঁটা লাভ কৰাৰ বাবে পঞ্চায়ত দুখনৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলক অভিনন্দন জনায়। মন্ত্ৰীগৰাকীয়ে এই বঁটাই ৰাজ্যৰ গ্ৰামাঞ্চল তথা তৃণমূল পৰ্যায়ৰ বিকাশৰ ধাৰাক প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক