গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ আৰু পাণবজাৰক সংযোগ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১৯৬৫ চনত নিৰ্মাণ কৰা পাণবজাৰ ৰোড অভাৰব্ৰীজখনৰ স্থানত এখন নতুন ৰোড অভাৰব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। এই নতুন অভাৰব্ৰীজখন পূৰ্বৰখনতকৈ অধিক উচ্চতাত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ফলত সমীপতে থকা গুৱাহাটী ৰে’ল ষ্টেচনৰ ৰে’ল লাইন আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্য বৃদ্ধি কৰিব পৰা হ’ব। তদুপৰি, বৈদ্যুতিক ৰে’লগাড়ীৰে সৰবৰাহ কৰা বৃহৎ মালবাহী দবাও এই নতুন অভাৰব্ৰীজৰ তলেৰে সুকলমে পাৰ হৈ যাব পাৰিব। এই নতুন অভাৰব্ৰীজখনত পূৰ্বৰ দুশাৰীয়াৰ পৰিৱৰ্তে তিনিশাৰীয়াকৈ নিৰ্মাণ কৰা হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ দলে ইতিমধ্যে এই নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিছে আৰু অভাৰব্ৰীজখনৰ নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণৰ সৈতে জড়িত বিষয়াবৰ্গক নিৰ্দেশ দিছে বুলি ৰে’লৱেৰ এখন প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে।
Site Admin | December 20, 2024 12:25 PM | panbazar bridge guwahati