August 27, 2024 5:55 PM | Pakisthan

printer

পাকিস্তানৰ হিংসাত্মক ঘটনাত ৭০ জনৰো অধিক লোকৰ প্ৰাণহানি

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত হিংসাত্মক ঘটনাত ৭০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। প্রাপ্ত বাতৰি মতে, লাচবেলা জিলাৰ বেলাৰ এটা ঘাইপথত বাহনক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত ১৪ গৰাকী সৈনিক আৰু আৰক্ষী কৰ্মীৰ লগতে ২১ জন সন্ত্রাসবাদী নিহত হৈছে। ইপিনে, অন্য এটা ঘটনাক্ৰমত মুছাখেল জিলাত সশস্ত্র লোকৰ এটা দলে আন্তঃপ্রাদেশিক ঘাইপথ অৱৰোধ কৰি ২৩ জন লোকক হত্যা কৰিছে। আক্ৰমণকাৰীসকলে যাত্ৰীসকলক ট্রাক আৰু বাছৰ পৰা নমাই আনি তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰে আৰু তেওঁলোকক লক্ষ্য কৰি গুলীবর্ষণ কৰে। নিহতসকল পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । ইফালে, কলাতৰ এখন আৰক্ষী থানা আৰু ঘাইপথত সংঘটিত আক্ৰমণত ৫ জন আৰক্ষী কর্মীসহ ১০ জন লোক নিহত হৈছে। বোলানা চহৰৰ এখন ৰে’ল দলঙত কালি সংঘটিত বিস্ফোৰণৰ পাছত কুৱেটা সংযোগী ৰে’ল সেৱা বাতিল কৰা হৈছে। আৰক্ষীয়ে ৰে’ল দলঙত সংঘটিত আক্ৰমণৰ ঠাইৰ পৰা অজ্ঞাত লোকৰ ৫-৬ টা মৃতদেহ উদ্ধাৰ কৰিছে। বেলুচিস্তান প্রদেশ বছৰ বছৰ ধৰি অশান্ত পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। অঞ্চলটোত বিগত কেইটামান সপ্তাহ ধৰি ব্যাপক প্ৰতিবাদ অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক