ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্বীকাৰ

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে। পাকিস্তান মুছলীম লীগ, পি এম এল-এনৰ সাধাৰণ পৰিষদৰ বৈঠকত কালি তেওঁ এই কথা সদৰী কৰে। বৈঠকত শ্ৰীশ্বৰীফে কয় যে তেওঁ ১৯৯৮ চনৰ ২৮ মে’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ইয়াৰ পাছতে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্রী অটল বিহাৰী বাজপেয়ী লাহোৰ ভ্ৰমণ কৰিছিল আৰু ১৯৯৯ চনৰ ২১ ফেব্ৰুৱাৰীত লাহোৰ ঘোষণাত স্বাক্ষৰ কৰিছিল। ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আৰু সুস্থিৰতাৰ প্ৰসাৰেই এই চুক্তিৰ মূল উদ্দেশ্য। শ্ৰীশ্বৰীফে কয় যে এই চুক্তি স্বাক্ষৰ হোৱাৰ ঠিক পাছতেই পাকিস্তানী সৈন্যই জম্মু-কাশ্মীৰত অনুপ্ৰৱেশ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে কার্গিল যুদ্ধ সূত্রপাত হৈছিল। সাধাৰণ পৰিষদৰ বৈঠকত শ্ৰীশ্বৰীফক বিনা প্রতিদ্বন্দ্বিতাৰে পুনৰ পি এম এল-এনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

অধিক পঢ়ক

সকলো চাওক