ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2025 12:36 PM | pahalgam

printer

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ গৰিহণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পহলগামত পৰ্যটকক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। এই ঘটনাক অতি দুখঃজনক আৰু আশ্চৰ্যজনক বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে এয়া হৈছে অতি অমানৱীয় ঘটনা। তেওঁ কয় যে নির্দোষী নাগৰিকক আক্ৰমণ কৰাটো অতি ভয়াবহ আৰু অক্ষমনীয় কার্য। শ্ৰীমতী মুর্মুৱে এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ কামনা কৰে ।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা বাৰ্তাত এনে ধৰণৰ হিংসাত্মক ঘটনা অতি নিন্দনীয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জঘন্য আক্ৰমণৰ আঁৰত থকা লোকসকলক ৰেহাই দিয়া নহ’ব আৰু ইয়াৰ ভুক্তভোগীসকলক ন্যায় দিয়া হ’ব বুলি মত প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে তেওঁলোকৰ এনে দুঃঅভিসন্ধি কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে এই আক্ৰমণত ক্ষতিগ্রস্ত লোকসকলক সকলো প্ৰকাৰৰ সাহায্য প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি দলৰ অন্যান্য নেতাসকলে এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্রহণ কৰি আহিছে আৰু এই ঘটনাত জড়িতসকলক ৰেহাই দিয়া নহ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে এই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আছে বুলি শ্রীনাড্ডাই উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক