April 23, 2024 12:41 PM | Padma award

printer

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে প্ৰদান কৰে ২০২৪ বৰ্ষৰ পদ্ম বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। ২০২৪ বৰ্ষৰ বাবে ৩ গৰাকী ব্যক্তিক পদ্মবিভূষণ, ৮ গৰাকী ব্যক্তিক পদ্মভূষণ আৰু ৫৫ গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে প্রাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ড০ পদ্মা সুব্ৰমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়।

অসমৰ পৰা হস্তী বিশেষজ্ঞ পার্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ সুকন্নানী শিল্পী দ্রোণ ভূঞাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। এই অনুষ্ঠানতে অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী ঊষা উত্থুপে সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰে। পদ্মভূষণ বঁটাপ্ৰাপক আন আন ব্যক্তিসকল হ’ল- ড০ চন্দ্ৰেশ্বৰ প্ৰসাদ ঠাকুৰ, মাৰাঠী ছবি প্রযোজক দত্তাত্রে এম্বাদাস মায়ালো এলিয়াছ ৰাজদত্ত, সমাজসেৱক ড০ সীতাৰাম জিন্দাল, হৃদৰোগ বিশেষজ্ঞ ডাঃ তেজছ মধুসূদন পেটেল আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল ৰাম নাইক। প্রবীন টেনিছ খেলুৱৈ ৰোহন বোপান্নাক ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্রী সন্মান প্রদান কৰা হয়। এই অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে দেশৰ সৰ্বোচ্চ সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্রী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক