আজি সমৰ্থ আঁচনিৰ অধীনত দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত মন্ত্ৰ্যালয়ৰ অধীনত আৰণ্যবিদ্যা আঁচনিৰ বাবে গুৰু-শিষ্য হস্তশিল্প প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ‘ব। কাজিৰঙাৰ কঁহৰা সন্মিলন কক্ষত কাষৰীয়া অঞ্চলৰ বাসিন্দাৰ বাবে অনুষ্ঠিত হ‘বলগীয়া এই কাৰ্যসূচীৰ মুকলি অনুষ্ঠানত বস্ত্ৰশিল্প আৰু বিদেশ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে অতুল বৰা, কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও মন্ত্ৰী তথা সাংসদ উপস্থিত থাকিব।
উল্লেখ্য যে থলুৱা কাৰুশিল্প উন্নয়নৰ বাবে হস্ততাঁত আৰু পৰ্যটন গাঁৱৰ প্ৰতিষ্ঠা, স্থানীয় লোকৰ দ্বাৰা ৰেস্তোঁৰা আৰু ইকো ট্যুৰিজমৰ সুবিধা, জীপচীচালক আৰু মাউতক প্ৰশিক্ষণ প্ৰদান আদিকে ধৰি বিভিন্ন পৰিকল্পনা তথা লক্ষ্য এই কাৰ্যসূচীৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছে।
000000