August 22, 2024 8:08 PM | Pabitra magharita

printer

ডমিনিক গণ্যৰাজ্য, গুৱাটেমালা আৰু ছালভাডৰ ভ্ৰমণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটা পানামা গণ্যৰাজ্যত উপস্থিত

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ডমিনিক গণ্যৰাজ্য, গুৱাটেমালা আৰু ছালভাডৰ ভ্ৰমণৰ পাছত পানামা গণ্যৰাজ্যত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ আটাইকেইখন দেশৰ ৰাষ্ট্রপ্রধান সকলক সাক্ষাৎ কৰাৰ লগতে দেশ কেইখনৰ কেইবাগৰাকী মন্ত্ৰীৰ সৈতে এলানী বৈঠকত মিলিত হয়। পানামাৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত শ্ৰী মাৰ্ঘেৰিটাই ভাৰতৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ে আলোচনা কৰে বুলি প্ৰকাশ কৰে। এই আলোচনাকালত ভৱিষ্যতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ উন্মেষ হৈছে বুলিও জানিবলৈ দিয়ে। দেশখনত তেওঁ ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰাৰ উপৰি ভাৰতীয় দূতাৱাস আৰু প্ৰৱাসী ভাৰতীয়সকলে মন্ত্ৰীৰ সন্মানার্থে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী উপভোগ কৰে। এই কাৰ্যসূচীত কমেও ২৫ খন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত উপস্থিত থাকে। দেশখনত ১৫ হাজাৰৰো অধিক ভাৰতীয় সম্প্ৰদায়ৰ লোক আছে বুলি শ্ৰী মাৰ্ঘেৰিটাই উল্লেখ কৰে। তেওঁ লগতে মন্ত্ৰী, ভাৰতীয় সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকল, ৰাষ্ট্রদূত আৰু ব্যৱসায়ী তথা সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰি সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক