June 6, 2024 8:31 PM | PM Modi

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অর্থাৎ এন ডি এই ২৯৩ খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ দিশে আগবাঢ়িছে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক দাখিল কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰি প্রধানমন্ত্ৰীগৰাকীক নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ আহ্বান জনাইছিল। এই শপত গ্রহণ অনুষ্ঠানত প্রতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল আৰু মৰিছাছৰ ৰাষ্ট্ৰপ্ৰধান নাইবা চৰকাৰৰ মুৰববীয়ে অংশগ্রহণ কৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ শপতগ্রহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে কাইলৈ বিয়লি নতুন দিল্লীত উপস্থিত হ’ব আৰু শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ ৯ জুনত ঢাকালৈ উভতি যাব। ফোনযোগে হোৱা বাৰ্তালাপত শ্রীমোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনায়। ইপিনে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল উইক্রেমসিংহেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্রহণ অনুষ্ঠানলৈ জনোৱা আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাইছে। ফোন কলৰ উপৰিও এটা সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অলপতে হৈ যোৱা নিৰ্বাচনত এন ডি এ চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়।

অধিক পঢ়ক

সকলো চাওক