প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুকলি কৰি দিয়া পি এম কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ ধনৰ অংশ হিচাপে অসমৰ ১৭ লাখ ৪৯ হাজাৰ কৃষক হিতাধিকাৰীয়ে মুঠ ৩৮১ কোটি টকা লাভ কৰিছে। পি এম কিষাণ সন্মিলনৰ ধন মুকলি কৰি দিয়া অনুষ্ঠানৰ আলমত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰিছে। শ্ৰী বৰাই সদৰি কৰা মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পি এম কিষাণ আঁচনিৰ অগ্ৰগতি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি আহিছে আৰু কোনো যোগ্য কৃষক পৰিয়াল যাতে, এই আঁচনিখনৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয়, তাৰপ্ৰতি দৃষ্টি ৰাখিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। এই আঁচনিত প্রতি চাৰিগৰাকী হিতাধিকাৰীৰ ভিতৰত এগৰাকী মহিলা হিতাধিকাৰী আছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কালি গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা পি এম কিষাণ সন্মিলনৰ জৰিয়তে কালি দেশৰ প্ৰায় ৯ কোটি ২৬ লাখ যোগ্য হিতাধিকাৰী কৃষকলৈ প্ৰধানমন্ত্রীয়ে পি এম কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ ধন মুকলি কৰি দিয়ে । আঢ়ৈ কোটিৰো অধিক কৃষকে সমগ্ৰ দেশৰ ৭৩২ টা কৃষি বিজ্ঞান কেন্দ্ৰ, এক লাখৰো অধিক প্রাথমিক কৃষি সমবায় সমিতি আৰু ৫ লাখ সমুহীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে পোনপটীয়া ৱেৱকাষ্টত অংশগ্ৰহণ কৰে। যোৰহাট জিলা কৃষি বিভাগ আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া উদ্যোগত টীয়কৰ কলিয়াপানীত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে অংশগ্ৰহণ কৰে। মাজুলী জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু লেকপে কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয়ৰ লগতে উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগতো জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। কোকৰাঝাৰ জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়তো এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ্য কৃষকসকলৰ লগতে ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Site Admin | June 19, 2024 12:12 PM | P.M Kissan