ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ পি অশোক বাবুৰ বৰপেটাৰ পূব ম’হচৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যৱেক্ষণ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ পি অশোক বাবুই আজি বৰপেটা জিলাৰ নৈপৰীয়া পূব ম’হচৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চৰ অঞ্চলৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা সম্পৰ্কে পৰ্যৱেক্ষণ কৰে। উল্লেখযোগ্য যে এই স্বাস্থ্য কেন্দ্ৰটোৱে জিলাখনৰ পূব দিশৰ চৰ অঞ্চলসমূহৰ বৃহৎ অংশ সামৰি স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। আয়ুক্ত সচিবগৰাকীয়ে কেন্দ্ৰটোত উপস্থিত হৈ বানৰ সময়ত ৰাইজক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লগতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উপস্থিতিৰ সম্পৰ্কে বুজ লয়। তেওঁ পর্যৱেক্ষণৰ সময়ত সর্বাধিক প্রয়োজনীয় ঔষধবোৰ পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ নিয়মীয়া উপস্থিতিও নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক