ডাউনলোড
মোবাইল এপ

android apple
signal

September 16, 2024 12:07 PM | ozone day

printer

বিশ্ব অ’জন দিৱস উপলক্ষে ডিমৰীয়া মহাবিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰ আয়োজন

আজি বিশ্ব অ’জন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয় হৈছে মন্ত্ৰীয়েল প্ৰট’কল-জলবায়ু বিষয়ক কাৰ্যব্যৱস্থাক আগুৱাই নিয়া। আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে অ’জন স্তৰ সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় দিৱসৰ আয়োজন। বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, পৰিৱেশ আৰু বন বিভাগে যুটীয়াভাৱে আয়োজন কৰা এই অনুষ্ঠানত অসম বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, অসম জলবায়ু পৰিৱৰ্তন পৰিচালনা সমিতি, ডিমৰীয়া মহাবিদ্যালয়, ই ই পি অসম আৰু ই আই এ চি পি পি চি হাব অসমে সহযোগিতা আগবঢ়াইছে। অনুষ্ঠানত বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। ইফালে অ’জন দিৱস উপলক্ষে ৰাজ্যিক আৰু জিলা পৰ্যায়ত চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্যিক পৰ্যায়ত অ’জন স্তৰৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, ইণ্ডিয়া কুলিং এক্সন প্লেন, ২০২৪ বৰ্ষৰ অ’জন দিৱসৰ বিষয়, জলবায়ু পৰিৱৰ্তনৰ কাৰ্য আৰু নীতিসমূহ ইত্যাদি বিষয়ত বক্তৃতা, পোষ্টাৰ প্ৰতিযোগিতা, গছপুলি ৰোপণ আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে জিলা পৰ্যায়ৰ কাৰ্যসূচী হিচাপে মহাবিদ্যালয় ইক’ ক্লাব আৰু মহাবিদ্যালয় পৰিৱেশ আৰু জলবায়ু কোষৰ দ্বাৰা ইণ্ডিয়া কুলিং এক্সন প্লেন সম্পর্কে সজাগতা তথা গছপুলি ৰোপণ ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক