ডাউনলোড
মোবাইল এপ

android apple
signal

কলকাতাত চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পদ্ম বঁটাৰে সন্মানিত ৭০গৰাকীতকৈ অধিক চিকিৎসকৰ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুষিক কাৰ্যই চিকিৎসা সেৱাৰ আন্তঃগাঁথনিক জোকাৰি যায়। তেওঁলোকে লগতে এনে দুষ্কার্য, বিশেষকৈ মহিলা, কিশোৰী তথা স্বাস্থ্যকর্মীসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধ নির্মূল কৰাৰ তাৎক্ষণিক প্রয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। চিকিৎসকসকলে এনে ধৰণৰ কাৰ্য যাতে পুনৰ সংঘটিত নহয় তাৰ বাবেও শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ বাবেও প্ৰধানমন্ত্ৰীলৈ আহ্বান জনায়। তেওঁলোকে লগতে বিধি বলৱৎকাৰী সংস্থা, নীতি নির্মাতাসকল তথা সমাজক এইক্ষেত্ৰত তাৎক্ষণিক আৰু নির্নায়ক ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইফালে এই ঘটনাৰ পাছতে পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বোসে ৰাজ্যখনৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে মহিলা চিকিৎসক আৰু নাৰ্চসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কৰ্তৃপক্ষক নির্দেশ দিছে। আনহাতে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ন্যায়ব দাবী জনাই কালি কলকাতাৰ তিনিটা উল্লেখনীয় ফুটবল ক্লাব ক্রমে মোহন বাগান, ইষ্ট বেংগল আৰু মহম্মদান স্পোর্টিং ক্লাবৰ হাজাৰ হাজাৰ ফুটবল প্রেমীয়ে চল্টলেক ষ্টেডিয়ামৰ বাহিৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

অধিক পঢ়ক

সকলো চাওক