প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ১১ কোটিৰো অধিক খেতিয়কক ৩ লাখ ২৪ হাজাৰ কোটিৰো অধিক টকা প্ৰদান কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভাৰ এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী কিষাণ আঁচনিৰ সপ্তদশ কিস্তিৰ ধন হিচাপে যোৱা জুনত ৯ কোটি ২৬ লাখ কৃষক পৰিয়াললৈ ২০ হাজোৰ কোটিৰো অধিক ধন মুকলি কৰি দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, মুঠ ৫১ হাজাৰ ৮৪৯ গৰাকী প্রশিক্ষিত কৃষি সখীৰ ভিতৰত ৩৪ হাজাৰ ৯৭৩ গৰাকীক কৃষি পেৰা এক্সটেনচন কৰ্মীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে ।