লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে দিল্লীত বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ বৈঠক

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নতুন দিল্লীত আজি বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিত্রজোঁটটোৱে লোকসভা নিৰ্বাচনত তেওঁলোকে ২৯৫ৰো অধিক আসন লাভ কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই কয় যে, তেওঁলোকে নির্বাচন আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। বিৰোধী পক্ষৰ নেতাসকলে লগতে ভোট গণনাৰ দিনা ল’ব লগীয়া সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, তেওঁলোকে আজি টিভি চেনেলত নির্বাচনোত্তৰ সমীক্ষা সম্পৰ্কীয় বিতৰ্কত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Image

ইয়াৰ পূৰ্বে কংগ্ৰেছেৰ নিৰ্বাচনোত্তৰ সমীক্ষা সম্পৰ্কীয় বিতৰ্ক বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল। বৈঠকৰ অন্তত আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আই এন ডি আই মিত্রজোঁতে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হোৱা বুলি দাবী কৰে। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱেও মিত্রজোঁটোৱে উত্তৰ প্ৰদেশৰ অধিকাংশ আসনত জয়লাভ কৰিব বুলি দাবী কৰে। ইপিনে আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে কয় যে আই এন ডি আই মিত্রজোঁটে নির্বাচনত জয়লাভ কৰিব আৰু প্ৰধানমন্ত্ৰীৰ নাম সম্পৰ্কে পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। আনহাতে শিৱসেনা ইউ বি টিৰ নেতা অনিল দেশায়ে কয় যে, আই এন ডি আই মিত্রজোঁতে মহাৰাষ্ট্ৰত ৩০ৰ পৰা ৩৫ খন আসন লাভ কৰিব । চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়েও আই এন ডি আই মিত্রজোঁট বিজয়ী হ’ব বুলি আশা প্ৰকাশ কৰে৷
কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, এন চি পি-এছ চি পিৰ নেতা শাৰদ পাৱাৰ, জে এম এমৰ নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চাম্পায়ে চোৰেন, ডি এম কেৰ টি আৰ বালু, নেচনেল কনফাৰেন্সৰ ফাৰুখ আব্দুল্লাহ আৰু আন ভালেসংখ্যক নেতা উপস্থিত থাকে। অৱশ্যে টি এম চি আৰু পি ডি পিয়ে এই বৈঠকত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

অধিক পঢ়ক

সকলো চাওক