২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিক ক্রীড়া সমাৰোহ আজি আৰম্ভ হ’ব। পেৰিছৰ শ্বেন নৈৰ পাৰত ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত এই ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় ১০ হাজাৰ ৫০০ গৰাকী খেলুৱৈক প্ৰায় ১০০ খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰেৰে লৈ যোৱা হ’ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ’ব। অষ্টাৰলিটজ দলঙৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজৰ আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব। ইয়াৰ পাছতে অলিম্পিক শিখা প্রজ্বলন কৰা হ’ব আৰু তাৰ লগে লগে অলিম্পিক ক্রীড়া সমাৰোহৰ আনুষ্ঠানিক উদ্বোধন হ’ব। তিনিঘণ্টা জুৰি হ’বলগীয়া এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বৰ আগত পেৰিছৰ ইতিহাস আৰু স্থাপত্য প্ৰদৰ্শন কৰা হ’ব। প্ৰসিদ্ধ ফৰাছী চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা থমাছ জলীয়ে কলা নির্দেশক হিচাপে এই সমগ্র উদ্বোধনী অনুষ্ঠানটো পৰিচালনা কৰিব।
বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবুল টেনিছ খেলুৱৈ শৰথ কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। কুচকাৱাজৰ সময়ছোৱাত ভাৰতীয় দলৰ সদস্যসকলে দেশৰ পতাকা আৰ্হিত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব।
পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনৰ এদিন পূৰ্বে কালি আৰ্চাৰীত ভাৰতৰ মহিলা দলটোৱে চতুৰ্থ আৰু পুৰুষ দলটোৱে তৃতীয় স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত ভাৰতীয় মহিলা দলটো ফ্ৰান্স আৰু নেডাৰলেণ্ডছৰ মাজত হ’বলগীয়া প্ৰতিদ্বন্দ্বিতাৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ইপিনে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত ভাৰতৰ পুৰুষ দলটো কলম্বিয়া আৰু তুৰস্কৰ মাজত হ’বলগীয়া খেলখনৰ বিজয়ীৰ মুখামুখি হ’ব। এই প্রতিযোগিতাসমূহ অহা ২৮ জুলাইৰ পৰা ৪ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’ব। ভাৰতে কাইলৈ ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম আৰু পুৰুষ আৰু মহিলা উভয়ৰে ১০ মিটাৰ এয়াৰ পিষ্টল শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।
এইবাৰ ভাৰতীয় দলটোৰ ছেফ দ্য মিছন হিচাপে তাৰকা শ্বুটাৰ গগন নাৰঙক দায়িত্ব অর্পণ কৰা হৈছে। তদুপৰি ৩০গৰাকী সদস্যযুক্ত ভাৰতৰ এথলেটিক দলটোক জেভলিন তাৰকা নীৰজ চোপ্ৰাই নেতৃত্ব দিব। এইবাৰ অলিম্পিকলৈ ভাৰতে ১১৭জনীয়া খেলুৱৈৰ দল প্ৰেৰণ কৰিছে। ১১ আগষ্টলৈকে চলিবলগীয়া এই অলিম্পিকত ১৯৬খন ৰাষ্ট্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এইবাৰ প্ৰথমবাৰৰ বাবে ব্রেক ডেঞ্চিঙক অলিম্পিকত খেল হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।