মাজত মাথোঁ এটা দিনঃ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই কালি বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমর্থিত ইউ পি পি এল প্রার্থী জয়ন্ত বসুমতাৰীৰ হৈ চিৰাঙৰ বিজনীৰ উলুবাৰীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে সন্ধিয়াৰ ভাগত কোকৰাঝাৰ চহৰত এটা ৰোড শ্ব’তো ভাগ লয়।

Read More : আজি লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব

মন্ত্রী অশোক সিংহালেও এই ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে, মন্ত্ৰী পীযুষ হাজৰিকাই বাক্সা জিলাৰ শালবাৰীত জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
আনহাতে, কংগ্ৰেছ দলেও তৃতীয় পর্যায়ত নির্বাচন হ’বলগীয়া ৰাজ্যৰ চাৰিওটা সমষ্টিত ব্যাপক নির্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছ দলৰ শীৰ্ষ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে কালি বাক্সা জিলাৰ বাৰাপেটা মিলন বজাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী গৰ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তৃণমূল কংগ্ৰেছেও কোকৰাঝাৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, পশ্চিমবংগ তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী তথা বলিউডৰ গায়ক বাবুল সুপ্ৰিয় আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে চিৰাঙৰ বিজনীত প্রার্থী গৌৰীশংকৰ শৰণীয়াৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে, ধুবুৰী লোকসভা সমষ্টিত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কালি কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে ধুবুৰী সমষ্টিৰ এ আই ইউ ডি এফ প্রার্থী বদৰুদ্দিন আজমলেও নির্বাচনী প্ৰচাৰ চলায়। গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে মহানগৰীৰ ফাঁচী বজাৰ, উজান বজাৰ আৰু নুনমাটিৰ বিভিন্ন লোকৰ সৈতে মত-বিনিময় কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।

Read More : লোকসভা নির্বাচনত ৰায়বেৰেলী সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বিতা

উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত অহা ৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু ডিউৰ দুটাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নির্বাচন অনুষ্ঠিত হ’ব।
ইফালে, প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দ্বাৰভাংগাত বিজেপিৰ প্ৰাৰ্থী গোপালজী ঠাকুৰৰ সমৰ্থনত এখন জনসভাত অংশ ল’ব। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু আম আদমী পাৰ্টীৰ নেতা ভগৱন্ত মানে আজি পৃথকে পৃথকে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। শ্ৰীশ্বাহে ছোটা উদয়পুৰ, ৱলছাদ তথা দমন আৰু ডিউত প্ৰচাৰ অভিযানত ভাগ লোৱাৰ বিপৰীতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বানাছকান্থাত এখন নির্বাচনী সভাত ভাষণ দিব। আম আদমী পাৰ্টীৰ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানেও আজি গুজৰাটত প্ৰচাৰ চলোৱাৰ কথা আছে।
সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে কালি উত্তৰ প্ৰদেশৰ মেইনপুৰী আৰু কন্নৌজত প্ৰচাৰ চলায়। ইফালে আম আদমী পাৰ্টী আৰু কংগ্ৰেছ কালি নতুন দিল্লীত আই এন ডি আই মিত্ৰজোঁটৰ সমন্বয় কমিটীৰ বৈঠকত মিলিত হয়। দল দুটাই ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সমন্বয়ৰ বিষয়টো লৈ আলোচনা কৰে। বিজেপিৰ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি হাৰিয়ানাৰ ৰোহটকত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি বিয়লি পুনেৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিছে। আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধীয়ে কালি ফোটেহপুৰ ছিক্ৰি সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্রার্থী ৰামনাথৰ সপক্ষে ফোটেহাবাদ এলেকাত এটা ৰোড শ্বত ভাগ লয়।

অধিক পঢ়ক

সকলো চাওক