ডাউনলোড
মোবাইল এপ

android apple
signal

পিঁয়াজ ৰপ্তানিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজ ৰপ্তানিৰ ওপৰত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰা বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীচৌহানে কয়, যে এই সিদ্ধান্তৰ ফলত কৃষকসকলৰ কষ্টোপার্জিত সামগ্ৰীবিধে শুল্কবিহীনভাৱে বিশ্বৰ বজাৰলৈ প্ৰসাৰ লাভ কৰিব আৰু ইয়াৰ জৰিয়তে তেওঁলোক অধিক লাভান্বিত হ’ব। তেওঁ লগতে নৰেন্দ্ৰ মোদী চৰকাৰক কৃষকৰ বন্ধুৰূপে অভিহিত কৰি এই চৰকাৰে কৃষকসকলক উপযুক্ত মূল্য প্ৰদানত অগ্ৰাধিকাৰ দিয়া বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, ঘৰুৱা বজাৰত উপলব্ধতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে যোৱা বছৰ ১৩ ছেপ্তেম্বৰত পিঁয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি শুল্ক আৰোপ কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক