কেন্দ্ৰীয় তথ্য, সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে কয় যে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰে তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত জনকল্যাণমূলক আঁচনিৰ বাবে মুঠ ১৫ লাখ কোটি টকাৰ আবণ্টন দিছে। তামিলনাডুৰ থুথুকুডীত আজি তেওঁ কয় যে চৰকাৰখনে মহিলা প্রধান পৰিয়ালসমূহলৈ ৩ লাখ কোটি টকাৰ পুঁজি আগবঢ়াইছে। শ্ৰী মুৰুগানে লগতে কয় যে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণাটোৱে জাতিটোৰ বাবে বহু বিত্তীয় ৰাহি কৰিব আৰু এই সন্দৰ্ভত বিৰোধী দলে এই বিষয়টো বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰে ৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে ৰাজ্যৰ মাছমৰীয়াসকলৰ কল্যাণৰ বাবে বহু আঁচনি ৰূপায়ণ কৰিছে। তেওঁ লগতে আশ্বাস দিয়ে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শ্ৰীলংকাৰ কাৰাগাৰত বন্দী হৈ থকা মাছমৰীয়াসকলক মুক্ত কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে।
Site Admin | September 21, 2024 7:23 PM | One Nation One election concept will save a lot of finance for the Nation Murugan