ভাৰতীয় ডাক বিভাগে ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। যোগাযোগ মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়ত তিনিদিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠানৰ জৰিয়তে সংবিধানত লিপিবদ্ধ প্ৰমূল্যসমূহ প্ৰতিফলিত কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি নাগৰিকসকলৰ মনত ৰাষ্ট্ৰীয় গৌৰৱ তথা একতাৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যে প্রদর্শনী, কুইজ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।
Site Admin | January 20, 2025 12:55 PM | Indian postal service
ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ভাৰতীয় ডাক বিভাগৰ বিশেষ অনুষ্ঠান
