ডিজিটেল বাণিজ্যৰ বাবে মুকলি নেটৱৰ্ক ব্যৱস্থা অর্থাৎ ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, যে দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত ই নির্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে এই সন্দৰ্ভত কয়, যে ভাৰতত ই-বাণিজ্যৰ গণতান্ত্ৰিকৰণৰ লক্ষ্যৰে ২০২১ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ONDC ব্যৱস্থা মুকলি কৰিছিল। বিগত তিনিটা বছৰত এই ব্যৱস্থাই কেইবাটাও উল্লেখযোগ্য কৃতিত্ব অর্জন কৰাৰ লগতে নেটৱৰ্কৰ ক্ষেত্ৰত অন্য এটা পৰ্যায়ত উপনীত হোৱাৰ সুযোগ প্ৰদান কৰি বিশেষকৈ ক্ষুদ্র উদ্যোগৰ লগতে সামগ্রিকভাৱে ব্যৱসায়ীসকলৰ সৱলীকৰণত অৰিহণা যোগাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰী গোৱেলে কয়, যে ক্রেতা আৰু বিক্ৰেতাৰ মাজত ব্যৱধান দূৰ কৰি ONDC–এ দেশৰ ই-বাণিজ্যৰ ছবিখনৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
Site Admin | January 2, 2025 4:22 PM | narendra modi
ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছেঃ প্রধানমন্ত্ৰী
