● লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি ৰাছিয়াৰ ছেইন্ট পিটাৰ্ছবার্গত তাজিকিস্তান, কাজাখস্তান, বেলাৰুছ, ইজিপ্ত, আৰু উজবেকিস্তানৰ বিধানমণ্ডলৰ অধ্যক্ষসকলক সাক্ষাৎ কৰে। দশম ব্রিকচ সংসদীয় সন্মিলনলৈ যোৱা এটা ভাৰতীয় সংসদীয় প্রতিনিধি দলক অধ্যক্ষগৰাকীয়ে নেতৃত্ব প্ৰদান কৰিছে। তাজিকিস্তানৰ মাজলিছি নমোয়াণ্ডাগনৰ অধ্যক্ষ জোকিৰ-জোদা মহম্মদ-তোহিৰ জোহিৰৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ওম বিৰলাই দুয়োখন দেশৰ মাজত গভীৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু সংসদীয় বন্ধুত্ব গোট গঠনৰ জৰিয়তে সংসদীয় সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ ওপৰতো নেতাগৰাকীয়ে আলোকপাত কৰে। ব্ৰিকছ সংসদীয় সন্মিলনতে ওম বিৰলাই কাজাখস্তানৰ চেনেটৰ অধ্যক্ষ আছিংবায়েভ মৌলেন সাগাথানুলীকো সাক্ষাৎ কৰে। শ্ৰীবিৰলাই কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতে গণতান্ত্রিক শাসনৰ ভিত্তিত নাগৰিকৰ আৰ্থ-সামাজিক জীৱনত পৰিৱৰ্তন আনিছে। বেলাৰুছৰ ৰাষ্ট্ৰীয় সদনৰ অধ্যক্ষ ইগ’ৰ চাৰ্গেয়েংকোৰ সৈতে হোৱা বৈঠকত লোকসভাৰ অধ্যক্ষগৰাকীয়ে ভাৰত আৰু বেলাৰুছৰ মাজত ঘনিষ্ঠ বন্ধুত্বপূর্ণ সম্পৰ্কৰ কথা উল্লেখ কৰে। তেঁও কয় যে প্রত্যাহ্বানমূলক আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ মাজতো বিভিন্ন পৰ্যায়ত পাৰস্পৰিক বুজাবুজি আৰু নিৰন্তৰ সহযোগৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ হৈ আছে।
Site Admin | July 13, 2024 9:40 AM | Lok Sabha | Om Birla | Parliament House