লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে নতুন ফৌজদাৰী আইন ৩ খন সাম্প্রতিক সমাজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ সম্পূৰ্ণৰূপে সমৰ্থ। তেওঁ কয় যে, সদন আৰু স্থায়ী কমিটিত বিশদ আলোচনাৰ অন্তত এই আইন ৩ খন গ্ৰহণ কৰা হৈছিল। নতুন দিল্লীৰ সংসদ ভৱন চৌহদত সাংবিধানিক আৰু সংসদীয় অধ্যয়ন প্রতিষ্ঠানে আয়োজন কৰা এটা অনুষ্ঠানত ৮৩ খন দেশৰ বিষয়াসকলক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণৰ ন্যায়পালিকাৰ প্ৰতি অগাধ বিশ্বাস আছে আৰু বিগত ৭৫ বছৰৰ যাত্ৰাত এই আস্থা অধিক শক্তিশালী হৈ উঠিছে। অধ্যক্ষগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা কূটনীতিবিদসকলৰ দেশৰ আইনী পৰিকাঠামো, সংসদ, সংসদৰ কাৰ্যক্ৰমণিকা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ সম্যক জ্ঞান লবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে ভাৰতে সদায় আন্তৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু মানৱ অধিকাৰৰ পোষকতা কৰি আহিছে। দেশৰ শক্তিশালী মধ্যস্থতা ব্যৱস্থাৰ কথা উল্লেখ কৰি শ্ৰীবিৰলাই কয় যে, মধ্যস্থতা দেশৰ ঐতিহ্য স্বৰূপ আৰু প্ৰাচীন কালৰে পৰা জনসাধাৰণে এই ব্যৱস্থাৰ সহায় লৈ আহিছে।
Site Admin | November 5, 2024 8:43 PM | Om Birla
নতুন ফৌজদাৰী আইন ৩ খন সাম্প্রতিক সমাজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ সম্পূৰ্ণৰূপে সমৰ্থ: ওম বিৰলা
