ডাউনলোড
মোবাইল এপ

android apple
signal

ফ্ৰান্সত আৰম্ভ পেৰিছ অলিম্পিক-২০২৪

পেৰিছ অলিম্পিক ২০২৪, যোৱানিশাৰে পৰা ফ্ৰান্সত আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে বতৰে বিধি পথালি দিয়াৰ পাছতো অগণন দৰ্শকে অনুষ্ঠান উপভোগ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে পেৰিছৰ চেইন নদীত প্রায় ৭ হাজাৰ খেলুৱৈয়ে নাৱেৰে পেৰেড কৰা এটা অগতানুগতিক অনুষ্ঠানত পেৰিছ অলিম্পিক গেমছ ২০২৪ মুকলি হোৱা বুলি ঘোষণা কৰে। ভাৰতীয় দলটোক পি ভি সিন্ধু আৰু শৰৎ কমলে নেতৃত্ব দিয়ে। মুলন ৰজৰ ৮০ গৰাকী শিল্পীয়ে গোলাপী ৰঙৰ সাজ-পোছাকত ১৮২০ চনৰ পৰা প্ৰচলিত প্ৰখ্যাত নৃত্য পৰিৱেশন কৰে। পণ্ট নট্ৰে ডেম আৰু পেৰিছ চহৰ প্ৰেক্ষাগৃহত ৫০ গৰাকী নৃত্য শিল্পীয়ে একেলগে অনুষ্ঠান পৰিৱেশন কৰে। আমেৰিকাৰ তাৰকা শিল্পী লেডী গাগাৰ পৰিৱেশনেও দৰ্শকসকলক মন্ত্রমুগ্ধ কৰে। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়

অধিক পঢ়ক

সকলো চাওক