May 24, 2024 11:49 AM | Himanta Biswa

printer

ওড়িশাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’-জনসভাৰে প্ৰচাৰ অব্যাহত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ওড়িশাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কালি তেওঁ ৰাজ্যখনত এটা বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰা লগতে দুখন জনসভাক সম্বোধন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেওঁঝাৰ, কটক লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী মোহন চৰণ মাঝি, প্ৰকাশ চন্দ্ৰ শেঠী তথা আনন্দপুৰ, বাৰম্বা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আলোক কুমাৰ শেঠী আৰু সম্বিৎ ত্ৰিপাঠীৰ হৈ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নির্বাচনী প্ৰচাৰৰ সময়ত ড০ শৰ্মাই ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ এসময়ৰ ব্যক্তিগত সচিব তথা ভাৰতীয় প্রশাসনিক সেৱা ত্যাগ কৰি শেহতীয়াকৈ বিজু জনতা দলত যোগদান কৰা ভি কে পণ্ডিয়ানক তীব্র সমালোচনা কৰি কয় যে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পাটনায়কে নিজাববীয়াকৈ কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে৷ ভি কে পণ্ডিয়ানে বর্তমান ওড়িশাৰ মুখ্যমন্ত্ৰীসদৃশ হৈ পৰিছে। এইবাৰ ওড়িশা বিধানসভাত বিজেপিয়ে ৭৫ খনৰো অধিক আসন লাভ কৰি চৰকাৰ গঠনৰ লগতে লোকসভাতো ১৫খনৰো অধিক আসন লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, নবীন পাটনায়ক নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ চাবি লুকুৱাই ৰাখি ওড়িশাবাসীৰ স্বাভিমানৰ সৈতে খেলা কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনতো জয়লাভ কৰি ওড়িশাত দ্বৈত ইঞ্জিনৰ চৰকাৰ গঠনৰ প্ৰয়াস কৰিছে বুলি তেওঁ কয়। এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীসকলক ভোটদান কৰিবলৈ ওড়িশাবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শর্মাই কয় যে, বিগত লোকসভা নিৰ্বাচনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৩০০ খন আসন লাভ কৰি জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ পৰা ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ, ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা, নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ দৰে পদক্ষেপসমূহ গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক