ডাউনলোড
মোবাইল এপ

android apple
signal

আই এছ এল ফুটবলত ওড়িশা ফুটবল ক্লাব আৰু আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ খেল ড্ৰ’

আই এছ এল ফুটবল প্রতিযোগিতাত কালি সন্ধিয়া ওড়িশাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ওড়িশা ফুটবল ক্লাব আৰু আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজৰ খেলখন ২-২ গ’লত অমীংমাসিত হৈ ৰয়। নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ আলাদ্দিন আজাৰায়ে খেলখনৰ ৬৭ মিনিটত প্ৰথমটো গ’ল দিয়ে। খেলখনৰ ৭৮ মিনিটত ওড়িশাৰ থৈবা সিং মৈৰাংথেমে এটা গ’ল দি সমতা স্থাপন কৰে। পুনৰ ৮৩ মিনিটত আজাৰায়ে নৰ্থ-ইষ্টৰ হৈ দ্বিতীয়টো গ’ল দিয়ে যদিও অতিৰিক্ত সময়ত আইজাক ভানলালৰুৱাতফেলাই ওড়িশা ফুটবল ক্লাবৰ হৈ এটা গ’ল দিয়াত খেলখন অমীমাংসিত হয় ৰয়। প্রতিযোগিতাত কাইলৈ মোহন বাগান ফুটবল ক্লাবে পাঞ্জাৱ ফুটবল ক্লাবৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক