ডাউনলোড
মোবাইল এপ

android apple
signal

ওড়িশাত বুধবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা

ওড়িশাত পৰহিলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনত আজি এই শপতগ্রহণ অনুষ্ঠান হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্রী নির্বাচন চূড়ান্ত নোহোৱাত এই অনুষ্ঠান বুধবাৰলৈ পিছুৱাই দিয়া হৈছে। দলটোৰ নেতা যতীন মোহান্তি আৰু বিজয়পাল সিং টোমৰে কালি শপতগ্রহণ অনুষ্ঠান পিছুৱাই দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। নেতাদ্বয়ে সদৰি কৰা মতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্রীয় চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবেই ৰাজ্যখনৰ শপতগ্রহণ অনুষ্ঠান দুদিন পিছুৱাই দিয়া হয়। মুখ্যমন্ত্ৰীপদৰ বাবে সম্ভাৱ্য কেইবাগৰাৰীও প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ছবাৰৰ সাংসদ তথা প্রাক্তন কেন্দ্রীয় মন্ত্ৰী জুৱেল অ’ৰাম, জ্যেষ্ঠ নেতা তথা সাংসদ ধর্মেন্দ্র প্রধান, নৱনিৰ্বাচিত বিধায়ক ক্রমে সুৰেশ পূজাৰী, মোহন চৰণ মাঝি আৰু জম্মু-কাশ্মীৰৰ প্রাক্তন উপ-ৰাজ্যপাল তথা নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক গিৰীশ চন্দ্ৰ মুর্মু। উল্লেখযোগ্য যে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰীগৰাকী ভূমিপুত্ৰ হ’ব বুলি প্রতিশ্রুতি দিছিল। বিজেপিয়ে ওড়িশাৰ বিধানসভা নিৰ্বাচনত মুঠ ১৪৭খন আসনৰ ভিতৰত ৭৮খনত বিজয় সাব্যস্ত কৰে। আনহাতে বিজেডিয়ে ৫১ খন, কংগ্ৰেছে ১৪ খন আৰু অন্যান্য দলে ৪খন আসন লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক