ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে চত্তীশগড়ত মাওবাদীবিৰোধী অভিযানত সফলতা লাভ কৰা বিশেষ অভিযান গোট এছ অ’ জিক প্ৰশংসা কৰিছে। এই অভিযানত ১৪জন মাওবাদীৰ মৃত্যু হয়। বিশেষ অভিযান গোটৰ সদস্যসকলৰ বাবে এই সফলতা লাভৰ পাছতেই ৮ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ অতিৰিক্ত ভাত্তা বৃদ্ধি কৰা হৈছে। অভিযানৰ সময়ত জোৱানসকলৰ সাহস আৰু নিষ্ঠাৰ স্বীকৃতিস্বৰূপে এই সিদ্ধান্ত লোৱা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ওড়িশাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিছে যে নোৱাপাৰা জিলাৰ সমীপৱৰ্তী কুলাৰিঘাট অঞ্চলত যৌথ অভিযান চলোৱা হৈছিল। মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে অভিযানত অংশগ্ৰহণকাৰী জোৱানসকলক অভিনন্দন জ্ঞাপন কৰিছে বুলি কার্যালয়ে জানিবলৈ দিছে। ভৱিষ্যতে ওড়িশাত নক্সালবিৰোধী অভিযান অধিক তীব্ৰতৰ কৰাৰ পৰিকল্পনাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ওড়িশা আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিহত ১৪জন মাওবাদীৰ ভিতৰত চি পি আই মাওবাদী গোটৰ পাঁচগৰাকী মহিলা সদস্য আৰু চালাপতি নামেৰে পৰিচিত ৰামচন্দ্ৰ নামৰ এগৰাকী কেন্দ্ৰীয় সমিতিৰ সদস্যও আছিল। ওড়িশাৰ বিশেষ অভিযান গোট, চত্তীশগড় আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে এই যৌথ আন্তঃৰাজ্যিক অভিযান চলাইছিল।
Site Admin | January 22, 2025 12:19 PM | Odisha CM Mohan Charan Majhi