লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত আছে। অহা ১ জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ হ’বলগীয়া সপ্তম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সীতা ছ’ৰেনৰ সমৰ্থনত অনুষ্ঠিত এখন নির্বাচনী সভাক সম্বোধন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাইলৈ দেওঘৰত ৩ খন নির্বাচনী সভাত ভাগ ল’ব। আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও সমষ্টিটোত পৰহিলৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। প্রধানমন্ত্রীয়ে আজি পশ্চিমবংগৰ বাৰাচাত সমষ্টিৰ দুখন নিৰ্বাচনী সভাত ভাগ লয়। তেওঁ লগতে কলকাতাত আজি আৰু কাইলৈ দুটাকৈ ৰোড শ্ব’তো ভাগ ল’ব বুলি জানিব পৰা গৈছে। ইফালে, আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে আজি বক্সাৰ, চাচাৰাম, জেহানাবাদ আৰু পাতলিপুত্ৰ সমষ্টিত কেইবাখনো নির্বাচনী সভাত ভাগ লয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সম্প্রতি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ভদ্ৰক লোকসভা সমষ্টিৰ জনসাধাৰণক সম্বোধন কৰি ড০ শৰ্মাই আজি কয় যে, ওড়িশাত উন্নয়নৰ অভাৱ পৰিলক্ষিত হৈছে আৰু বিজেপি চৰকাৰ আহিলেহে ৰাজ্যখনলৈ ভাল দিন আহিব।
Site Admin | May 28, 2024 5:59 PM | 7th Phase Election | CMO Assam | himanta bisha sarma | Lok Sabha polls | Lok Sabha seats | Odisha