June 9, 2024 8:07 PM | Odisha

printer

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি অব্যাহত

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে। এই শপতগ্রহণ অনুষ্ঠান ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী কোন হ’ব সেয়া চূড়ান্ত কৰা নাই। জানিব পৰা মতে, দিল্লীত দলৰ সংসদীয় পৰিষদে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব। বিজেপিৰ ৭৮ গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ’ব আৰু এই বৈঠকত দলৰ দুগৰাকী কেন্দ্ৰীয় পৰ্যৱেক্ষক উপস্থিত থাকিব। মুখ্যমন্ত্ৰীপদৰ বাবে সম্ভাব্য কেইবাগৰাৰীও প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ছবাৰৰ সাংসদ তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী জুৱেল আৰাম, জ্যেষ্ঠ নেতা তথা সাংসদ ধর্মেন্দ্র প্রধান নৱনিৰ্বাচিত বিধায়ক ক্ৰমে সুৰেশ পূজাৰী, মোহন চৰণ মাঝি আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-ৰাজ্যপাল তথা নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক গিৰীশ চন্দ্ৰ মুমু। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰীগৰাকী ভূমিপুত্ৰ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। বিজেপিয়ে ওড়িশাৰ বিধানসভা নিৰ্বাচনত মুঠ ১৪৭খন আসনৰ ভিতৰত ৭৮ খনত বিজয় সাব্যস্ত কৰে। আনহাতে বি জে ডিয়ে ৫১ খন, কংগ্ৰেছে ১৪ খন আৰু অন্যান্য দলে ৪খন আসন লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক