ডাউনলোড
মোবাইল এপ

android apple
signal

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে। এই শপতগ্রহণ অনুষ্ঠান ভুবনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী কোন হ’ব সেয়া চূড়ান্ত কৰা নাই। জানিব পৰা মতে দিল্লীত দলৰ সংসদীয় পৰিষদে ওড়িশাৰ নতুন মুখ্যমন্ত্রী নির্বাচন কৰিব। বিজেপিৰ ৭৮ গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ’ব আৰু এই বৈঠকত দলৰ দুগৰাকী কেন্দ্ৰীয় পৰ্যৱেক্ষক উপস্থিত থাকিব। মুখ্যমন্ত্ৰীপদৰ বাবে সম্ভাব্য কেইবাগৰাৰীও প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ছবাৰৰ সাংসদ তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী জুৱেল অ’ৰাম, জ্যেষ্ঠ নেতা তথা সাংসদ ধর্মেন্দ্ৰ প্রধান, নৱনিৰ্বাচিত বিধায়ক ক্ৰমে সুৰেশ পূজাৰী, মোহন চৰণ মাঝি আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-ৰাজ্যপাল তথা কেগ গিৰীশ চন্দ্ৰ মুৰ্মু। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ নতুন মুখ্যমন্ত্ৰীগৰাকী ভূমিপুত্ৰ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। বিজেপিয়ে ওড়িশাৰ বিধানসভা নিৰ্বাচনত মুঠ ১৪৭খন আসনৰ ভিতৰত ৭৮খনত বিজয় সাব্যস্ত কৰে। আনহাতে বিজেডিয়ে ৫১খন, কংগ্ৰেছে ১৪খন আৰু অন্যান্য দলে ৪খন আসন লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক