এক দেশ, এক নির্বাচন বিধেয়কক লৈ চৰকাৰে কালি ৩১ জন সাংসদৰে যুটীয়া সংসদীয় সমিতি গঠনৰ কথা ঘোষণা কৰে। প্ৰস্তাৱিত সমিতিখনত লোকসভাৰ ২১ জন আৰু ৰাজ্যসভাৰ ১০ জন সদস্য থাকিব। সমিতিৰ সদস্যসকলৰ ভিতৰত বিজেপি নেতা পি পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, আৰু পুৰুষোত্তম ভাইৰূপালা, কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী আৰু মনীষ তিৱাৰী, তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জী, এন চি পি সাৰদ পাৱাৰ গোটৰ সুপ্রিয়া সুলে অন্যতম। বিধেয়ক কেইখনক সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক ২০২৪ আৰু কেন্দ্ৰীয় শাসিত প্রদেশ আইন (সংশোধনী) বিধেয়ক ২০২৪ হিচাপে নামকৰণ কৰা হৈছে।
Site Admin | December 19, 2024 12:11 PM | One Nation One Election
এক দেশ, এক নির্বাচন বিধেয়কক লৈ যুটীয়া সংসদীয় সমিতি গঠনৰ কথা ঘোষণা চৰকাৰৰ
