ডাউনলোড
মোবাইল এপ

android apple
signal

August 27, 2024 7:44 PM | NTF

printer

কেবিনেট সচিবৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় কাৰ্য বাহিনীৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত

চিকিৎসা বৃত্তিত জড়িত লোকসকলৰ নিৰাপত্তা, সুৰক্ষা আৰু কাম কৰাৰ পৰিৱেশ সন্দৰ্ভত পৰামৰ্শ প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় কাৰ্য বাহিনী অর্থাৎ এন টি এফৰ প্ৰথমখন বৈঠক আজি কেবিনেট সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব আৰু স্বাস্থ্য সচিবকে ধৰি আটাইকেইগৰাকী সদস্য উপস্থিত থাকে। এই বৈঠকত বিভিন্ন বিষয় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে সদস্যসকলে নিজৰ পৰামৰ্শ দাঙি ধৰে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণ আৰু অন্য অংশীদাৰসকলৰ পৰামৰ্শ বিচাৰি নিজৰ ৱেবচাইটত “Suggestions to NTF” শীর্ষক প’ৰ্টেল মুকলি কৰিছে। মন্ত্ৰ্যালয়ে লগতে সংশ্লিষ্ট ৰাজ্যসমূহৰ চিকিৎসা সংস্থাসমূহত উপলব্ধ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ আহ্বান জনাইছে। মন্ত্র্যালয়ে এই পোৰ্টেলত লাভ কৰা তথ্যসমূহ ৰাষ্ট্ৰীয় টাস্ক ফোৰ্চৰ সদস্যসকলৰ বিবেচনাৰ বাবে প্ৰদান কৰিব। ইপিনে এন টি এফৰ সদস্য সকলে প্ৰকাশ কৰা মতে তেওঁলোকক বিভিন্ন ক্ষেত্ৰৰ লোকে প্রত্যক্ষভাৱে সাক্ষাৎ কাৰাৰ উপৰি প্ৰায় ৪০০টা পৰামৰ্শ প্ৰদান কৰিছে। এই সন্দৰ্ভত আলোচনাৰ বাবে কাইলৈও আন এখন বৈঠক ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় গৃহ সচিব আৰু স্বাস্থ্য সচিবে যুটীয়াভাৱে অধ্যক্ষতা কৰিবলগীয়া এই বৈঠকত ৰাজ্যসমূহৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানসকলে অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক