June 9, 2024 8:02 PM | NTA NEET UG

printer

ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীক গ্ৰেচ মাৰ্ক প্ৰদান কৰা বিষয়ৰ পৰ্যালোচনাৰ অৰ্থে এখন চাৰিজনীয়া সমিতি গঠন

কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষাত ১৫০০ ৰো অধিক পৰীক্ষাৰ্থীক গ্ৰেচ মাৰ্ক প্ৰদান কৰা বিষয়ৰ পৰ্যালোচনাৰ অৰ্থে এখন চাৰিজনীয়া সমিতি গঠন কৰিছে। সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্রধান সুবোধ কুমাৰ সিঙে কয় যে এই সমিতিখনৰ নেতৃত্বত থাকিব ইউ পি এছ চিৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ। এন টি এৰ মুৰববীগৰাকীয়ে কয় যে, সমিতিয়ে এসপ্তাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব আৰু ইয়াৰ পাছতে এই প্ৰাৰ্থীসকলৰ ফলাফল সংশোধন হব পাৰে। ৪ জুনত ঘোষণা কৰা হৈছিল চিকিৎসা, দন্ত চিকিৎসাৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফল আৰু তাৰ পিছতে আকাংক্ষিতসকলে একাধিক সমস্যাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নতুন পৰীক্ষাৰ দাবী জনাইছে। বহু আকাংক্ষীয়ে এই বিষয়ত সকাহ বিচাৰি আদালতৰ কাষ চাপিছে। পৰীক্ষাসমূহত ২৪ লাখৰো অধিক পঞ্জীয়ন আৰু ৯৭ শতাংশ উপস্থিতি অভিলিখিত কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক