ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই বাতিল হোৱা আৰু পিছুৱাই দিয়া বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিছে। সংস্থাটোৱে কালি জাৰি কৰা এখন জাননীত কোৱা হৈছে যে, বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা, ইউ জি চি-নেট জুন-২০২৪, ২১ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব। ১৮ জুনত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত শিক্ষা মন্ত্ৰ্যালয়ে পৰীক্ষাৰ সততাক লৈ আপোচ হোৱা বুলি অভিযোগ লাভ কৰাৰ পাছত বাতিল কৰা হৈছিল। ইপিনে, সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে স্থগিত ৰখা সংযুক্ত চি এছ আই আৰ- ইউ জি চি নেট জুন-২০২৪, ২৫ ৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত হ’ব। একেদৰে, ৪ বছৰীয়া সংহত শিক্ষক শিক্ষা কার্যসূচী আই টি ই পিত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় উমৈহতীয়া প্ৰৱেশ পৰীক্ষা এন চি ই টি ১০ জুলাইত অনুষ্ঠিত হ’ব। এই পৰীক্ষাও বিভিন্ন কাৰণত পিছুৱাই দিয়া হৈছিল। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে যে, সৰ্বভাৰতীয় আয়ুষ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা পূৰ্ব নিৰ্ধাৰিত সূচী অনুযায়ী ৬ জুলাইত অনুষ্ঠিত হ’ব। সংস্থাটোৱে অধিক তথ্যৰ বাবে শিক্ষাৰ্থীসকলক www.nta.ac.in ৱেবছাইট চাবলৈ পৰামৰ্শ দিছে।