ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত ড০ এছ জয়শংকৰ-অজিত দোভালৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক চুলিভানৰ বৈঠক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক চুলিভানে আজি নতুন দিল্লীত কেন্দ্রীয় বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ সৈতে বৈঠকত মিলিত হয়। বিদেশ মন্ত্রী ড° জয়শংকৰে জানিবলৈ দিয়া অনুসৰি আজিৰ বৈঠকত দুয়োপক্ষৰ মাজত দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বহুকেইটা বিষয়বস্তু সামৰি সামগ্রিক পৰ্যালোচনা অনুষ্ঠিত হয়। ভাৰত-আমেৰিকা কৌশলগত অংশীদাৰিত্বই ক্রমান্বয়ে দৃঢ়তৰ হৈ আগবাঢ়ি যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। দুয়োখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা দুগৰাকীয়ে আজি জটিল আৰু সদ্যউদ্ভাৱিত প্রযুক্তিসমূহৰ উদ্যমৰ দ্বিতীয় বার্ষিক বৈঠকত অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ মে’ মাহত দুয়োখন দেশৰ চৰকাৰ, ব্যৱসায়িক আৰু শৈক্ষিক প্রতিষ্ঠানসমূহৰ মাজত কৌশলগত প্রযুক্তি অংশীদাৰিত্ব আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ প্ৰসাৰ আৰু বৃদ্ধিৰ বাবে জটিল আৰু সদ্যউদ্ভাৱিত প্রযুক্তিসমূহৰ আমেৰিকা-ভাৰত উদ্যমৰ ঘোষণা কৰিছিল।

অধিক পঢ়ক

সকলো চাওক