উইম্বলডন টেনিছ প্রতিযোগিতাত কালি পুৰুষৰ ছিংগলছৰ ত্ৰয়োদশ বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈ টেইলৰ ফ্ৰীটজে চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে খেলখনত ৬-৪, ৭-৬, ৪-৬, ৬-৭, ৩-৬ ছেটত বিজয় অৰ্জন কৰে।
ইপিনে পুৰুষৰ ছিংগলছত সাতবাৰৰ চেম্পিয়ন তথা দ্বিতীয় বাছনিপ্ৰাপ্ত ছাৰ্বিয়াৰ ন’ভাক জক’ভিছে পঞ্চদশ বাছনিপ্রাপ্ত ডেনমাৰ্কৰ হ’লগাৰ ৰুনেক ৬-৩, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে শীৰ্ষ বাছনিপ্ৰাপ্ত জেনিক ছিনাৰ তৃতীয় বাছনিপ্ৰাপ্ত কার্লোচ এলকাৰাজ গাৰ্ভিয়া, পঞ্চম বাছনিপ্রাপ্ত ডেনিল মেডভেডেব আৰু দ্বাদশ বাছনিপ্ৰাপ্ত টমি পলেও পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।
ইপিনে মহিলাৰ ছিংগলছত প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা চতুর্থ বাছনিপ্রাপ্ত কাজাখস্তানৰ খেলুৱৈ এলেনা ৰায়বাকিনাই একেৰাহে তৃতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী ৬-৩, ৩-০ ছেটত আগবাঢ়ি থকাৰ সময়ত সপ্তদশ বাছনিপ্ৰাপ্ত ৰাছিয়াৰ আন্না কলিনস্কায়াই আঘাতৰ বাবে খেলৰ পৰা বিদায় লোৱাৰ ফলত কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হয়। একেদৰে ইউক্রেইনৰ এলিনা শ্বিতলিনাই চীনৰ ৱান চীনয়ুক ৬-২, ৬-১ ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ চেম্পিয়ন লাটভিয়াৰ জেলেনা অষ্টাপেনক’ৱেও প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকীয়ে কাজাখস্তানৰ য়ুলিনা পুটিণ্টছেভাক ৬-২, ৬-৩ ছেটত পৰাস্ত কৰে।