উত্তৰ-পূব সীমান্ত ৰে‘লৱেই যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ ‘মেৰী চহেলী’ নামৰ এটা সুকীয়া নিৰাপত্তা বাহিনীৰ গোট গঠন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে‘লৱে কৰ্তৃপক্ষই অলপতে এই কথা প্ৰকাশ কৰে। তেওঁলোকে জনোৱা মতে মহিলা ৰে‘ল সুৰক্ষা বাহিনীৰ জোৱানেৰে গঠিত ১৫ টা ‘মেৰী চহেলী’ গোট বৰ্তমান উত্তৰ-পূব সংমণ্ডলৰ বিভিন্ন ষ্টেচনত নিয়োজিত হৈ আছে। আনহাতে, মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা মহিলা যাত্ৰীসকলক সুৰক্ষা প্ৰদানৰ বাবে উত্তৰ-পূব সীমান্ত ৰে‘লৱেৰ অধীনত ৫৩ টা মানৱ সৰবৰাহ বিৰোধী গোট গঠন কৰা হৈছে। চলিত বৰ্ষত ৪ গৰাকী মহিলাক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰে জড়িত তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। চলিত বৰ্ষৰ আগষ্টলৈকে মহিলা সুৰক্ষা সম্পৰ্কীয় ছটা গোচৰ ৰুজু কৰা হৈছে আৰু ৬ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।
Site Admin | September 10, 2024 12:23 PM | North east railway