ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰ-পূৰ্বাঞ্চলৰ খ্ৰীষ্টধৰ্মী ৰাজ্যসমূহত বৰদিনৰ ব্যাপক প্ৰস্তুতি, আলোকসজ্জাৰে সজ্জিত গিৰ্জাসমূহ

বৰদিনলৈ মাজত এদিন বাকী থকা অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ খ্ৰীষ্টধৰ্মী ৰাজ্যসমূহত বৰদিনৰ আনন্দোল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গিৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্ৰী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। কাইলৈ মাজনিশাৰ পৰা গির্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ’ব। প্ৰভু যীশুৰ প্ৰশংসা আৰু স্তুতি গীতেৰে ইতিমধ্যে গির্জাসমূহ মুখৰ হৈ পৰিছে। বৰদিন উপলক্ষে শ্বিলঙৰ পুলিচ বজাৰকে ধৰি বিভিন্ন অঞ্চলত শীতক নেওচি উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। বৰদিনৰ আনন্দোৎসৱৰ অংশ হ’বলৈ ৰাজ্যখনলৈ পৰ্যটকৰ ভিৰ বৃদ্ধি পাইছে। শ্বিলঙৰ কেথেড্ৰেল অৱ মেৰী হেল্প অৱ খ্ৰীষ্টিয়ানছ, অল চেইণ্টছ কেথেড্রেল, শ্বিলং বেপ্টিষ্ট চার্চ আদিকে ধৰি অন্যান্য গিৰ্জাঘৰসমূহ সুন্দৰভাৱে সজাই-পৰাই তোলা হৈছে। বৰদিন উপলক্ষে নাগালেণ্ডৰ ক’হিমাকে ধৰি অন্যান্য চহৰ তথা পার্বত্য অঞ্চলসমূহত ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। ক’হিমা, ডিমাপুৰ, মুককচুং আদি চহৰৰ আবাসীসমূহে পাৰম্পৰিক খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন আলোকসজ্জাৰে থলুৱা নগা সংস্কৃতি আৰু পৰম্পৰাৰ আভাসেৰে নিজৰ বাসগৃহসমূহ সজাই তুলিছে। মণিপুৰতো বৰদিনৰ প্ৰস্তুতি ব্যাপকভাৱে চলিছে। এই উপলক্ষে আইজলৰ টেক্সিচালকসকলে এই দিনকেইটাত বিনামূলীয়া সেৱা আগবঢ়োৱাৰ বাতৰি পোৱা গৈছে।

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে ধুবুৰী আৰু বিলাসীপাৰাত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনক লৈ উছাহ পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ দেবীতলা, বিলাসীপাৰাৰ লগতে চাপৰৰ গির্জাসমূহত বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। আজিৰে পৰা গিৰ্জাসমূহত খ্ৰীষ্টধর্মী লোকসকলৰ লগতে অন্য ধৰ্মৰ লোকসকলেও ভিৰ কৰা পৰিলক্ষিত হৈছে।

ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত বৰদিন পালনৰ বাবে ব্যাপক প্রস্তুতি চলাই থকা হৈছে। গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্রীষ্টধর্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। একেদৰে বাপুজী নগৰত থকা একমাত্ৰ গিৰ্জাঘৰতো বৰদিনৰ আয়োজন চলিছে।

অধিক পঢ়ক

সকলো চাওক