বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নোবেল ব’টাপ্রাপক মহম্মদ ইউনুছৰ শপতগ্ৰহণ

নোবেল ব’টাপ্রাপক মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপতগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে যোৱানিশা ঢাকাৰ বংগ ভৱনত তেওঁক শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত বিভিন্ন দেশৰ কূটনীতিবিদ উপস্থিত থাকে। ১৯৪০ চনৰ ২৮ জুনত জন্মগ্ৰহণ কৰা মহম্মদ ইউনুছ বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ উদ্যমী, বেংকাৰ আৰু অৰ্থনীতিবিদ। গ্রামীণ বেংকৰ প্ৰতিষ্ঠা আৰু ক্ষুদ্ৰ ঋণ আৰু বিত্তীয় যোগানৰ অৱধাৰণা আগুৱাই নিয়াৰ বাবে তেওঁক ২০০৬ বৰ্ষত শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশত নতুন দায়িত্ব গ্ৰহণ কৰাৰ বাবে মহম্মদ ইউনুছক অভিনন্দন জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে বাংলাদেশত হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা সুনিশ্চিত কৰি শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে, শান্তি, সুৰক্ষা আৰু বিকাশৰ বাবে দুয়োখন দেশৰ জনসাধাৰণৰ উমৈহতীয়া আশা-আকাংক্ষা পূৰণ কৰাৰ অৰ্থে বাংলাদেশৰ সৈতে কাম কৰিবলৈ ভাৰত বদ্ধপৰিকৰ।

অধিক পঢ়ক

সকলো চাওক